Show/Hide Keyboard Layout

বিমূৰ্ত মোৰ নিশাতি যেন

- ভূপেন হাজৰিকা

বিমূৰ্ত মোৰ নিশাতি যেন, মৌনতাৰ সূতাৰে বোৱা

এখনি নীলা চাদৰ, এখনি নীলা চাদৰ …

তাৰেই এটি মিঠা ভাঁজত, নিশ্বাসৰে উম

আৰু জীয়া জীয়া আদৰ, এখনি নীলা চাদৰ ।

 

কামনাৰে তেজ ৰঙা, আজিৰ গভীৰ গৰ্ভতে

নীৰৱ মৰম বাৰিষাৰ, বহুতো শাওণ ভাদৰ

তাৰেই এটি মিঠা ভাঁজত, নিশ্বাসৰে উম

আৰু জীয়া জীয়া আদৰ, এখনি নীলা চাদৰ ।

 

বিমূৰ্ত মোৰ নিশাতি যেন, মৌনতাৰ সূতাৰে বোৱা, এখনি নীলা চাদৰ ...

 

সৰি পৰে প্ৰত্যাশিত, অস্ফুট এক প্ৰতিধ্ৱনি

সাদৰী মাতৰ, তাইৰ সাদৰী মাতৰ

পৰিধিবিহীন সংগমমুখী, নিৰ্মল দুটি ওঁঠ

কম্পন-কাতৰ, কম্পন-কাতৰ ।

 

নিয়ম ভঙাৰ, নিয়ম ইযে … নিয়ম ভঙাৰ, নিয়ম ই যে

নিয়মাকাংক্ষী বাটৰ, নিয়মাকাংক্ষী বাটৰ

কোমল আঘাত প্ৰতি আঘাত, কোমল আঘাত প্ৰতি আঘাত

নীলা নিশাৰ নাটৰ, নীলা নিশাৰ নাটৰ ।

 

দূৰৈৰ আৰ্তনাদৰ নদীৰ, ক্ৰন্দন কোনো ঘাটৰ

ভ্ৰুক্ষেপ নাই, লভিছোঁ মই

আলিংগনৰ সাদৰ, আলিংগনৰ সাদৰ

তাৰেই এটি মিঠা ভাঁজত, নিশ্বাসৰে উম

আৰু জীয়া জীয়া আদৰ, এখনি নীলা চাদৰ ।

 

বিমূৰ্ত মোৰ নিশাতি যেন, মৌনতাৰ সূতাৰে বোৱা

এখনি নীলা চাদৰ, এখনি নীলা চাদৰ ।।

Hits: 1234